নাগাৰ্জুন বা দুধি (ASTHAMA WEED)

###নাগাৰ্জুন বা দুধি ###

ফটোত দেখা উদ্ভিদ বিধৰ সংস্কৃত নাম হল নাগাৰ্জুনি । আপোনাৰ ঘৰৰ চাৰিওফালে এপাক ঘূৰিলে ঘাঁহনীৰ মাজত দেখা পাব । অলাগতিয়াল বুলি ভাবি আমি এইবোৰ কাটি চাফা কৰো ।
আজি আপুনি এইবিধ উদ্ভিদৰ বিষয়ে জানিলে হয়তো ভৱিষ্যতে ইয়াক সংৰক্ষণ কৰাৰ কথা ভাৱিব ।

এইবিধ উদ্ভিদ গ্ৰহণী ৰোগ , লিভাৰৰ সমস্যা , আভোক , হাঁপানী , কোলাইটিছ ,নুপুংসকতা , জণ্ডিচ , পেলু বা কৃমি আদিত বহুত উপকাৰী ।
প্ৰসৱৰ পিছত মাতৃ দুগ্ধ কম হলে এইবিধৰ ৰস খালে সুফল পোৱা যায় ।

বাৰে বাৰে শৌচ লগা , খাদ্য খোৱাৰ পিছতেই শৌচ লগা আদিত ইয়াৰ পাত , শিপা , গা গছ ফুলৰে সৈতে শুকাই লৈ গুড়ি কৰক আৰু সেই গুড়ি গৰম পানীত মিহলাই ৰাতিপুৱা কিছুদিন খালে ভাল পায় ।

ফিটা পেলুত ইয়াৰ ৰস 1/4 কাপকৈ দৈনিক ৰাতিপুৱা 3 মাহ খাব লাগে ।

বাকী সকলো ৰোগত ইয়াৰ শিপা , গা গছ , ফুল , পাত আদি শুকাই গুড়ি কৰি থব । দৈনিক ৰাতিপুৱা এক চামুচ গুড়ি এক গিলাচ গৰম পানীত কিছুদিন খাওঁক ।

আমি ভগৱানক ধন্যবাদ দিব লাগে যে আমাক অসমত জন্ম দিছে । চাৰিওফালে ঔষধেই ঔষধ । তাৰ পিছতো medicine কোম্পানীবোৰৰ ষড়যন্ত্ৰত পৰি দৈনিক হেজাৰ হেজাৰ মানুহৰ জীৱনলৈ দুৰ্ভিক্ষ আহিছে । হেজাৰ হেজাৰ আবাল-বৃদ্ধ-বণিতা আমি অকালতেই হেৰুৱাই আহিছোঁ দৈনিক ।

Share কৰক যাতে সকলোৱে পায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top